Literary Pension announced: শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিলে সাহিত্যিক পেঞ্চনাৰৰ তালিকা - Homen Borgohain road in Guwahati
🎬 Watch Now: Feature Video
ধেমাজি জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত দেওবাৰে অনুষ্ঠিত এক সংবাদমেলত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে 2021 বৰ্ষৰ সাহিত্যিক পেঞ্চন ঘোষণা কৰে (Education minister announces Literary Pension in Dhemaji) ৷ ৰাজ্যৰ মুঠ 23 গৰাকী বৰেণ্য সাহিত্যিকৰ নাম ঘোষণা কৰে তেওঁ (23 literary people will get Literary Pension ) ৷ জ্যোতিললাল চৌধুৰী, ড৹ অনিল শইকীয়া, কালিনাথ পাংগিং, দিলীপ কুমাৰ শৰ্মা, মাখনলাল বাঢ়ৈ, মানিকলাল মাহাতু, বিনোদ ভাগৱতী, উৎপল দত্ত, নবীন বৰুৱাকে আদি কৰি আৰু কেইবাগৰাকী সাহিত্যিকে লাভ কৰিব সাহিত্যিক পেঞ্চন ৷ 7 ডিচেম্বৰত কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব লগীয়া হোমেন বৰগোঁহাইৰ জন্মদিন বিশেষ অনুষ্ঠানত এই বৰেণ্য ব্যক্তি সকলক সাহিত্যিৰ পেঞ্চন প্ৰদান কৰা হ’ব ৷ উল্লেখযোগ্য যে, আগন্তুক হোমেন বৰগোঁহাইৰ জন্মদিনৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে গুৱাহাটীত তেখেতৰ নামত এটি পথ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি নামাকৰণ কৰিব (Homen Borgohain road in Guwahati) ৷