খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীৰে কলগাছিয়াৰ চিকনীত DYFIৰ প্ৰতিবাদ - অৰ্ধশতাধিক কৰ্মীৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video
বেঁকী নদীৰ খহনীয়াই ভয়ংকৰ বিপদ মাতি আনিছে বৰপেটা জিলাৰ কলগাছিয়াৰ চিকনীৰ নৈপৰীয়া ৰাইজলৈ । অতি হেঁপাহেৰে সজা ঘৰখন বেঁকী নদীৰ খহনীয়াই উছন কৰাৰ উপক্ৰম হৈছে । ইতিমধ্যে গাঁৱৰ পথৰ বহু অংশ নৈত জাহ হৈছে । বহু পৰিয়ালে হেৰুৱাইছে মাটি-ভেঁটি । সেয়ে, ভাৰতীয় গণতান্ত্ৰিক যুৱ ফেডাৰেছনৰ বৰপেটা জিলা কমিটীৰ সদস্যসকলে বেঁকী নদীৰ খহনীয়া ৰোধৰ স্থায়ী ব্যৱস্থা কৰাৰ দাবী জনাই সোমবাৰে কলগাছিয়াৰ চিকনীত নৈৰ পাৰতে ৰৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । DYFIৰ অৰ্ধশতাধিক কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় । অসমৰ বান-খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া, বেঁকী নদীৰ খহনীয়া সমস্যাৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰা, খহনীয়াত গৃহহীন হোৱা পৰিয়ালৰ পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনায় সংগঠনটোৱে । লগতে বান-খহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক শীঘ্ৰে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনায় । এই প্ৰতিবাদী কাৰ্যসূচীত DYFIৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক নয়ন ভূঞা, জিলা কমিটীৰ সম্পাদক ৰুস্তম আলীকে ধৰি কেইবাগৰাকীও নেতা-কৰ্মী উপস্থিত থাকে । চৰকাৰে এই দাবীসমূহ মানি নল'লে অথবা খহনীয়া প্ৰতিৰোধৰ যথোচিত ব্যৱস্থা নকৰিলে ভাৰতীয় গণতান্ত্ৰিক যুৱ ফেডাৰেছনে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে ।