Anti Drugs Mission : বকো আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী - বকোৰ কালাতলীত ড্ৰাগছ সহ এজন যুৱকক আটক
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14121031--thumbnail-3x2-bo.jpg)
ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti Drugs Mission) ৷ প্ৰত্যেক দিনাই আৰক্ষীয়ে অভিযান চলাই বহুসংখ্যক নিচাজাতীয় সামগ্ৰী জব্দ কৰি আহিছে ৷ ইয়াৰ মাজতে বকো আৰক্ষীয়ে বৃহস্পতিবাৰে বকোৰ কালাতলীত অভিযান চলায় ৷ এই অভিযানত এজন ড্ৰাগছ ব্যৱসায়ী আটক কৰা (Drug dealer Arrested by Boko Police) ৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে (Drugs Seized at Boko) ৷ এক গোপন তথ্যৰ ভিত্তিত বৃহস্পতিবাৰে বকো আৰক্ষীয়ে অভিযান চলাই জামাল উদ্দিন নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰি 5 টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰে ৷ জব্দ হোৱা ড্ৰাগছৰ বজাৰমূল্য প্ৰায় 10,200 বুলি জানিব পৰা গৈছে ৷