বিশ্ব পৰিৱেশ দিৱস উপলক্ষে "দৌৰ"ৰ ব্যতিক্ৰমী প্ৰয়াস - dour-a-ngo-taking-exceptional-step-

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 5, 2021, 9:19 AM IST

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি দেৰগাঁৱত প্ৰকৃতিপ্ৰেমী সংগঠন "দৌৰ"ৰ ব্যতিক্ৰমী প্ৰয়াস ৷ বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত ৰাইজলৈ বিশেষ গোঁহাৰি জাৰি কৰিছে স্বেচ্ছাসেৱী সংগঠনটোৱে ৷ যিগৰাকী ব্যক্তিয়ে একোটাকৈ গছপুলি ৰোপণ কৰি স্বেচ্ছাসেৱী সংগঠনটোলৈ ফটো প্ৰেৰণ কৰিব, সেই গৰাকী ব্যক্তিৰ নামত এগৰাকী ক'ভিড আক্ৰান্ত ব্যক্তিক এসাঁজ আহাৰ যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে স্বেচ্ছাসেৱী সংগঠনটোৱে ৷ নিৰৱচ্ছিন্নভাৱে প্ৰকৃতিৰ হৈ কাম কৰি অহা এই স্বেচ্ছাসেৱী সংগঠনটোৱে ৰাইজক যিমান বেছি পাৰে, সিমান গছপুলি ৰোপণৰ বাবে আহ্বান জনাইছে ৷ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে সংগঠনটোৰ বিষয়-ববীয়াসকলে দেৰগাঁৱৰ বিভিন্ন প্ৰান্তত চাফাই অভিযান চলায় ৷ লগতে শনিবাৰে ভিন্ন প্ৰান্তত গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লয় সংগঠনটোৰ সদস্যসকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.