তেজপুৰত নৃত্য-গীতৰ মাজেৰে COVID ৰোগীক পৰিচৰ্যা - তেজপুৰ চিকিৎসা মহাবিদ্যালয়
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-8072355-thumbnail-3x2-a.jpg)
চৌদিশে কৰ'ণাৰ তাণ্ডৱ ৷ মৃত্যু মুখত পৰিছে বহু COVID-19 ৰোগী ৷ ইমানৰ পাছতো অশেষ কষ্টৰ মাজেৰে চিকিৎসা আগবঢ়াই আছে চিকিৎসা কৰ্মীয়ে ৷ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত শেহতীয়াকৈ দেখিবলৈ পোৱা গ'ল সততে দেখা নোপাৱা দৃশ্য ৷ নৃত্য-গীতৰ মাজেৰে COVID ৰোগীক পৰিচৰ্যা কৰিছে চিকিৎসাকৰ্মীয়ে ৷ যিহেতু একমাত্ৰ স্বাস্থ্য কৰ্মী আৰু চিকিৎসকৰ বাহিৰে ৰোগী সকলৰ খবৰ ল'বলৈ যাব নোৱাৰে কোনো আত্মীয়-স্বজন ৷ ৰোগী সকলক মানসিক শান্তি প্ৰদান কৰিবলৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ একাংশ স্বাস্থ্য কৰ্মী আৰু চিকিৎসকে পি পি ই কিট পৰিধান কৰি চিকিৎসালয়ত আনন্দ উল্লাহৰ মাজৰে নৃত্য-গীত কৰা পৰিলক্ষিত হৈছে ৷