জনজাতিকৰণ সম্পৰ্কত চৰকাৰক স্থিতি স্পষ্ট কৰাৰ দাবী সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ

By

Published : Sep 13, 2021, 10:49 PM IST

thumbnail

"জনজাতিকৰণৰ অবিহনে সদৌ অসম কোচ ৰাজবংশী সন্মিলনী ক্ষান্ত নহয় ৷" সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত এই মন্তব্য কৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণ দেৱে ৷ নেতা গৰাকীয়ে সংবাদমেলৰ জড়িয়তে জনজাতিকৰণৰ বাবে ইতিমধ্যে প্ৰস্তুত কৰা মন্ত্ৰীগোটৰ প্ৰতিবেদন আৰু মডেলিটী কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰি কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বাবে দাবী জনায় ৷ লগতে গোৰ্খা সম্প্ৰদায়ৰ ক্ষেত্ৰত ভূমিৰ অধিকাৰ আৰু ডি ভোটাৰ সম্পৰ্কে চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই একেই সিদ্ধান্ত কোচ ৰাজংশী সকলৰ ক্ষেত্ৰতো গ্ৰহণ কৰিব লাগে বুলি দাবী উত্থাপন কৰে ৷ উল্লেখ্য যে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰথমখন চৰকাৰৰ কাৰ্যকালত গঠন কৰা মন্ত্ৰীগোটৰ মুৰব্বী গৰাকীয়ে এতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ আছে ৷ এই কথা উনুকিয়াই সভাপতি গৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এতিয়া সেই মন্ত্ৰী গোটৰ প্ৰতিবেদন অনুমোদন জানাই কেন্দ্ৰলৈ প্ৰেৰণ কৰক আৰু জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰিব লাগে ৷ লগতে বিগত চৰকাৰৰ আমোলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তৎপৰতাত ঘোষিত মুখ্যমন্ত্ৰীৰ বিশেষ পেকেজৰ পুঁজি এতিয়াও কোচ ৰাজবংশী উন্নয়ন পৰিষদে লাভ নকৰাত আশ্চৰ্য প্ৰকাশ কৰি শীঘ্ৰে এই পুঁজি কোচ ৰাজবংশী সকলৰ বাবে মুকলি কৰি দিবলৈ দাবী জনায় ৷ ইয়াৰ ওপৰিও বিটিএডি এলেকাত অন্যান্য জনগোষ্ঠীসমূহক প্ৰদান কৰা ভূমিৰ অধিকাৰ সম্পৰ্কীয় ইতিমধ্যে গ্ৰহণ কৰা কেবিনেট সিদ্ধান্তত অন্যান্য জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশী সকলৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাই প্ৰণৱ নাৰায়ণ দেৱে ৷ নেতা গৰাকীয়ে কয় যে, "জনজাতীয় বেল্ট আৰু ব্লকত ভূমিৰ অধিকাৰ কেৱল অবিভক্ত গোৱালপাৰা জিলাতে কোচ ৰাজবংশীসকলে উপভোগ কৰি আছে ৷ এই অধিকাৰ অতি সোনকালে বিটিএডিৰ লগতে বাক্সা, ওদালগুৰিৰ কোচ ৰাজবংশী লোকসকলকো প্ৰদান কৰিব লাগে ৷"

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.