শিক্ষকৰ ৰূপত বজালী জিলাৰ উপায়ুক্ত - শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে উপযুক্ত গৰাকীয়ে
🎬 Watch Now: Feature Video

ক'ভিড পৰিস্থিতি কিছু উন্নত হোৱাৰ পাছতে ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠানসমূহ চৰ্ত সাপেক্ষে খুলি দিয়াৰ ঘোষণা কৰিছিল । ইয়াৰ পাছতে সোমবাৰৰ পৰা ৰাজ্যৰ বিদ্যালয়বোৰ খুলিছে । বজালী জিলাৰ বিদ্যালয়-মহাবিদ্যালয়সমূহো চৰ্ত সাপেক্ষে খোল খাইছে । কিন্তু বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰিছে আকৰ্ষণীয় পদক্ষেপ । শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে উপযুক্ত গৰাকীয়ে । আগন্তুক চূড়ান্ত পৰীক্ষাসমূহত যাতে শিক্ষাৰ্থীসকলে সফলতা লাভ কৰিব পাৰে তাৰ বাবে উপযুক্ত গৰাকীয়ে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক সফলতা লাভ কৰাৰ বিশেষ মন্ত্ৰণা দিয়ে । আনহাতে উপায়ুক্ত গৰাকীৰ পাঠদান কাৰ্যসূচীত উপস্থিত থাকি অধিক উৎসাহিত হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল ।