কেন্দ্ৰীয় কাৰাগাৰৰ ৩০ জন কয়দীৰ দেহত ক’ভিড

By

Published : Jul 9, 2021, 3:43 PM IST

thumbnail
শোণিতপুৰ জিলাত অব্যাহত আছে ক'ভিড-১৯ৰ ভয়াৱহ সংক্ৰমণ । জিলাখনত ২৪ ঘণ্টাই সান্ধ্য আইন বলৱৎ থকাৰ মাজতে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত ৩৯৯ জন কয়দীৰ ভিতৰত ৩০ জন কয়দীৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে কাৰাগৰাৰ সকলো কয়দীৰ ক'ভিড-১৯ পৰীক্ষা সম্পন্ন কৰা হৈছিল আৰু সেই সময়তে এই ৩০ জন কয়দী মহামাৰীত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে । কাৰাগৰাৰ অধীক্ষক ৰাজু কুমাৰ চৌধুৰীয়ে জনাইছে যে, ইতিমধ্যে আক্ৰান্ত কয়দীকেইজনক আইছ'লেচন কক্ষত ৰখা হৈছে আৰু চিকিৎসকৰ দুটা দলে স্বাস্থ্য পৰীক্ষা কৰি আছে । পৰিস্থিতি জটিল হ'লে ক'ভিডত আক্ৰান্ত কয়দীকেইজনক তাৎক্ষণিকভাৱে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে । কাৰাগাৰত থকা মুঠ ৩৯৯ জন কয়দীৰ ভিতৰত ৩৭৬ জন পুৰুষ আৰু ২৩ গৰাকী মহিলা । বৰ্তমান কেন্দ্ৰীয় কাৰাগাৰত মুঠ ৩ টা অক্সিজেন ছিলিণ্ডাৰ আছে । উল্লেখযোগ্য যে, ক'ভিড-১৯ৰ প্ৰথমটো ঢৌৰ সংক্ৰমণৰ সময়ত বিগত বৰ্ষত কাৰাগাৰৰ ১৯৬ গৰাকী কয়দী মহামাৰীৰ কবলত পৰিছিল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.