কামপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালৰ দপদপনি - নগাঁও জিলাৰ আৰক্ষী অধীক্ষক
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13071390-thumbnail-3x2-aaaaaaa.jpg)
কামপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালৰ দপদপনিৰ অভিযোগ উত্থাপন হৈছে । কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰজাআলি কিচামতৰ মিনহাজ উদ্দিন আহমেদ নামৰ ব্যক্তি গৰাকীৰ অভিযোগৰ মতে তেওঁৰ পিতৃৰ দহ বিঘা মাটি মৃত্যুৰ পিছত জালিয়াতিৰে তেওঁৰ দুই সহোদৰ ভাই ফকৰ উদ্দিন আহমেদ আৰু নেকিব উদ্দিন আহমেদেক হস্তান্তৰ কৰে । এজন দালাল আৰু মণ্ডলৰ ছত্ৰছায়াত মাটি হস্তান্তৰ কৰা গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । অভিযোগকাৰীৰ অভিযোগ অনুসৰি দেউতাকৰ নামৰ মাটি বিক্ৰী নকৰাকৈ কেনেকৈ অন্য এজনৰ নামলৈ হস্তান্তৰ হ'ল ইয়াক লৈ চিন্তনীয় হৈ পৰিছে মিনহাজ উদ্দিনৰ পৰিয়াল । লগতে এই বিষয়ত মিনহাজ উদ্দিনৰ পৰিয়ালে কামপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰাৰ পিছতো সুফল লাভ নকৰাত নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত গোচৰ দিয়ে । আনহাতে কামপুৰ ৰাজহ চক্ৰৰ জৈনক হাজৰিকা উপাধিৰ এগৰাকী মণ্ডল আৰু এখন বিদ্যালয়ত কৰ্মৰত চতুৰ্থ বৰ্গ কৰ্মচাৰী-আলাল উদ্দিন দালালে অধিক টকাৰ বিনিময়ত মাটিৰ মালিকীস্বৰ্ত্ব হস্তান্তৰ কৰাৰ গুৰুতৰ অভিযোগো কৰিছে মিনহাজ উদ্দিনৰ পৰিয়ালে । এতিয়া প্ৰশ্ন হয় যিখিনি সময়ত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই মাটিৰ দালাল নিঃশেষ কৰাৰ কথা ঘোষণা কৰাৰ পিছতো একাংশ চৰকাৰী কৰ্মচাৰী আৰু মাটিৰ দালালে অব্যাহত ৰাখিছে গোপন ধনৰ লেনদেন । পাৰিবনে এই সকলক নাকি লগাব । ই এক বৰ্তমান সময়ত বৃহৎ প্ৰশ্ন উত্থাপন হৈছে ।