পৰীক্ষাৰ মূল্যাংকন পদ্ধতিক লৈ অসন্তুষ্টি প্ৰকাশ অপূৰ্ব ভট্টাচাৰ্যৰ - মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত
🎬 Watch Now: Feature Video
মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা মূল্যায়ন পদ্ধতিক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্র অপূৰ্ব কুমাৰ ভট্টাচাৰ্য কয় যে ভৱিষ্যতে যদি চাকৰি নাপাই তেন্তে পৰীক্ষাৰ নামত ভেকোভাৱনা কৰাৰ কি প্ৰয়োজন আছে । ৰাজ্যৰ সাত লাখ শিক্ষাৰ্থীৰ মানসিক অৱস্থাৰ কথা শিক্ষামন্ত্রীয়ে উপলব্ধি কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক বুলি উল্লখ কৰি ভট্টাচাৰ্যই কয় যে ব্যৱহাৰিক জীৱনত মূল্য নথকা এনে পৰীক্ষাৰ নম্বৰক লৈ শিক্ষাৰ্থীসকলে কি কৰিব । এই সন্দৰ্ভত তেওঁ চৰকাৰৰ প্ৰতি কেতবোৰ প্ৰশ্ন উত্থাপন কৰে ।