Gaurav Gogoi at Titabar: ঠেঙ্গাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনকলৈ তৎপৰ কংগ্ৰেছ - মুখ্যমন্ত্ৰীক তীব্ৰ ভৎসনা সাংসদ গৌৰৱ গগৈৰ
🎬 Watch Now: Feature Video
ঠেঙ্গাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ (Thengal Kachari Autonomous Council election) বাবে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ ৷ প্ৰতিটো ৰাজনৈতিক দলে নিজা পচন্দৰ প্ৰাৰ্থীক জয়ী কৰাবৰ বাবে নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে(congress preparation for Thengal Kachari Autonomous Council election) ৷ দেওবাৰে তিতাবৰৰ মাধপুৰ সমষ্টিত ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানত অংশ ল'লে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে(Congress MP Gaurav Gogoi's Election Campaign) । প্ৰচাৰ অভিযানত অংশ লৈ সাংসদগৰাকীয়ে বিজেপি দলটোৰ লগতে বিজেপি নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ সমালোচনা কৰি কয়, "কংগ্ৰেছত থাকোতে সাৰদা, লুই বাৰ্জাৰৰ দৰে বিভিন্ন কেলেংকাৰীত অভিযুক্ত হিমন্তবিশ্ব শৰ্মা এতিয়া বিজেপিৰ বাবে গংগাতকৈও পবিত্ৰ । কংগ্ৰেছত থাকিলে দুৰ্নীতিগ্ৰস্ত নেতা আৰু বিজেপিলৈ গলেই সাধু হৈ পৰে । মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই নিজৰ মন্ত্ৰীসভাৰ মন্ত্ৰী সকলকে গুৰুত্ব নিদিয়ে। সেইকাৰণেই সকলো মন্ত্ৰী-বিধায়কৰ পি এচ অ' উঠাই দিব খুজিছে । ৰাজ্যৰ এগৰাকী মন্ত্ৰীয়ে ৰাতিপুৱা এটা কথা কলে, মুখ্যমন্ত্ৰীয়ে গধূলি বেলেগ এটা কথা কয় ।"