গীতেৰে ৰাইজৰ কাষ চাপিছে কংগ্ৰেছ - congress election

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 18, 2021, 9:35 PM IST

বিজেপিলৈ ব্যৰ্থতাৰ 10 টা প্ৰশ্ন এৰি দি অসম প্ৰদেশ কংগ্ৰেছে মুকলি কৰিলে 21 ৰ নিৰ্বাচনী থীম ছং ৷ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, ৫ লাখ চৰকাৰী চাকৰি সৃষ্টিৰ পৰা কা বাতিলেৰে অসমৰ ভাষা, সংস্কৃতি সুৰক্ষা দিয়া আদি ৷ 5 টা গেৰাণ্টিৰে থীম ছং মুকলি কৰিলে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে ৷ 2001-2016 চনলৈকে 15 বছৰীয়া চৰকাৰ চলোৱা আৰু 5 বছৰীয়া বিৰোধীৰ অভিজ্ঞতাৰে কংগ্ৰছে মুকলি কৰা থীম ছং-য়ে এতিয়া তাৎপৰ্য বহন কৰিছে ৷ গীতটিত কোৱা হৈছে ‘কংগ্ৰেছৰ ৫ গেৰাণ্টিৰ জৰিয়তে ৰাজ্যখনত শান্তি আৰু সমৃদ্ধি ৰূপায়ণৰ বাবে কংগ্ৰেছ এতিয়া সংকল্পবদ্ধ ৷ লক্ষণীয়ভাৱে 5 টা গেৰাণ্টিৰ প্ৰতিশ্ৰুতিৰে বিজেপিক ওফৰাই দিছপুৰৰ মছনদ দখলৰ বাবে এইবাৰ সংগীতৰ সহায়েৰে ৰাইজৰ ওচৰ চাপিছে কংগ্ৰেছ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.