মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
🎬 Watch Now: Feature Video
দুদিনীয়াকৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বুধবাৰে সন্ধিয়া ৫ বজাত মাজুলীৰ মাজৰ দেউৰীত উপস্থিত হৈ এখন প্ৰচাৰ সভাত অংশগ্রহণ কৰাৰ লগতে ৰাইজক সম্বোধন কৰি ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ জাতিৰ অস্তিত্ব আৰু নিৰাপত্তাৰ স্বাৰ্থত কংগ্ৰেছক ভোট নিদি বিজেপিক ভোট দিয়াৰ আহ্বান জনাই সোণোৱালে ৷ সকলো সময়তে বিজেপি ৰাইজৰ স্বাৰ্থত আছে আৰু থাকিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ মাজুলীৰ কমলাবাৰীতো অন্য এখন প্ৰচাৰ সভাত সোণোৱালে অংশগ্ৰহণ কৰে ৷
Last Updated : Mar 25, 2021, 9:34 AM IST