পূৱ গোৱালপাৰাত জ্যোতিষ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ
🎬 Watch Now: Feature Video
বৃহস্পতিবাৰে পূৱ গোৱালপাৰাত মিত্ৰদল অগপৰ প্ৰাৰ্থী জ্যোতিষ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ নিৰ্বাচনী সভাত কংগ্ৰেছক সমালোচনা কৰাৰ লগতে এইবেলি পুনৰ বিজেপি চৰকাৰ আহিলে দহ লাখ নিৱনুৱাক কৰ্ম সংস্থাপন দিয়াৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী সোণোৱালে । তেওঁ কয় যে, বিজেপি চৰকাৰৰ বাবে বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ সকলো ৰাইজ শান্তিৰে বসবাস কৰি আছে ৷ লগতে কৃষকসকলক পূৰ্বৰ পাঁচ হাজাৰৰ সলনি এইবেলি দহ হাজাৰ টকাৰ এককালীন সাহাৰ্য দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷