thumbnail

By

Published : Jan 30, 2022, 6:53 PM IST

ETV Bharat / Videos

মুখ্যমন্ত্ৰীৰ ওপজা দিনৰ বিশেষ অতিথি হ’ব মাজুলীৰ ৪৭ জনকৈ ভাগিন

১ফেব্ৰুৱাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন (Himanta Bishwa Sarma's birthday) ৷ মুখ্যমন্ত্ৰীৰ জন্মদিনৰ এইবেলিৰ বিশেষভাৱে আমন্ত্ৰিত কেইজনমান অতিথিক লৈ এতিয়া ব্যাপকৰূপত চৰ্চা হোৱা পৰিলক্ষিত হৈছে ৷ এই বিশেষ দিনটোত মুখ্যমন্ত্ৰী গৰাকীৰ অতিথি হিচাপে গুৱাহাটীলৈ আহিব মাজুলীৰ ৪৭ জনকৈ ভাগিন (Young friends of CM himanta will attend his birthday) । মুখ্যমন্ত্ৰীৰ সৈতে নৈশ ভোজত অংশ ল’ব মাজুলীৰ এই ভাগিনহতে । ঐতিহাসিক দক্ষিনপাট সত্ৰ, আউনীআটী সত্ৰৰ লগতে মাজুলীৰ ৪৭ জনকৈ কণমাণি ভাগিনক নিজৰ বিশেষ দিনটোৰ বাবে আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে । ড৹ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ মাজুলীলৈ অহাৰ সময়ত মাজুলী সত্ৰ ভ্ৰমন কৰোতে উদাসীন সত্ৰৰ কণমাণি বৈষ্ণৱ সকলৰ সৈতে সাক্ষাৎ হৈছিল । মুখ্যমন্ত্ৰী অহা খবৰ পাই সংগ দিছিল কণমাণি বৈষ্ণৱ কেইজনে । এতিয়া ১ফেব্ৰুৱাৰীত দক্ষিণ পাট সত্ৰৰ লগতে দুখন সত্ৰৰ কনকন বৈষ্ণৱ সহ ৪৭ জন ভাগিনে মুখ্যমন্ত্ৰীৰ জন্ম দিনত তেওঁৰ সৈতে আহাৰ গ্ৰহণ কৰিব।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.