চামগুৰি উন্নয়ন খণ্ডৰ কাৰ্যালয়ত বিজেপি-কংগ্ৰেছ কৰ্মীৰ মাজত সংঘৰ্ষ
🎬 Watch Now: Feature Video
চামগুৰি উন্নয়ন খণ্ডৰ কাৰ্যালয়ত সোমবাৰে নিবিদা দিয়াক কেন্দ্ৰ কৰি বিজেপি আৰু কংগ্ৰেছ দলৰ দলীয় কৰ্মী সমৰ্থকৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় । উন্নয়ন খণ্ডটোৰ অন্তৰ্গত বিল, সাপ্তাহিক বজাৰসমূহৰ বাবে আজি আছিল নিবিদা দিয়াৰ দিন । পুৱাৰে পৰা বাজিয়া গাঁও ব্লকৰ বিজেপিৰ সভাপতি প্ৰাণজিৎ বৰাৰ নেতৃত্বত বিজেপিৰ সমৰ্থক নিবিদাকাৰীসকলে শান্তিপূৰ্ণভাৱে নিবিদা দিয়ে যদিও কংগ্ৰেছ দলৰ সমৰ্থকে নিবিদা দিবলৈ আঁহোতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । কংগ্ৰেছৰ বাহন ক্ষতি কৰাৰ লগতে কংগ্ৰেছৰ সৰ্মথককো লপা-থপা বিজেপি সমৰ্থকে । অৱশেষত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস আৰু চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কৃষ্ণ কান্ত দলেৰ নেতৃত্বত আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । ৰাইজৰ বিপুল দাবীৰ প্ৰতি সঁহাৰি জনাই অৱশেষত অহা ২৩ জুনত চামগুৰি ৰাজহ চক্ৰৰ কাৰ্যালয়ত পুৱাৰে পৰা নিবিদা জমা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।