কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ অন্তসাৰ শূন্য ! - ভাৰতীয় জনতা পার্টি\
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11113610-thumbnail-3x2-hfhf22.jpg)
কংগ্ৰেছ দলে প্রকাশ কৰা নিৰ্বাচনী ইস্তাহাৰ সম্পূৰ্ণৰূপে অন্তসাৰ শূন্য বুলি অভিহিত কৰিছে ভাৰতীয় জনতা পার্টী অসম প্রদেশে । সোমবাৰে ৰাজ্যিক বিজেপিৰ খানাপাৰাস্থিত নিৰ্বাচনী সংবাদ কোষৰ কাৰ্যালয়ত সম্বােধন কৰা এক সংবাদমেলত মুখপাত্র মনােজ বৰুৱাই প্রকাশ কৰে যে কংগ্ৰেছৰ নির্বাচনী ইস্তাহাৰক “অসমৰ ৰাইজৰ ইস্তাহাৰ ২০২১” বুলি অভিহিত কৰা কার্য চৰম হাস্যকৰ । নির্বাচনী ইস্তাহাৰ এখনত যিকোনাে ৰাজনৈতিক দলে দলৰ ঘােষিত নীতিৰ আধাৰত ল’বলগীয়া পদক্ষেপ, পৰিকল্পনাৰ সন্দৰ্ভত জনতাৰ ওচৰত নিজস্ব স্থিতি ব্যক্ত কৰে । তেনেস্থলত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰখন কেনেদৰে অসমৰ ৰাইজৰ ইস্তাহাৰ হ’ব পাৰে বুলি বিজেপিয়ে প্রশ্ন উত্থাপন কৰে ।