বিশ্বনাথৰ 330খন বিদ্যালয়ত খাদ্য যোগানত ব্যস্ত এটা বেচৰকাৰী সংস্থা - বিশ্বনাথ মধ্যাহ্ন ভোজন আঁচনি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4931550-thumbnail-3x2-b.jpg)
বিদ্যালয় সমুহৰ ৰান্ধনীশাল সমূহত জুই নজলিল শুকুৰবাৰে । কাৰণ শুকুৰবাৰৰ পৰা বিদ্যালয় সমুহত মধ্যাহ্ন ভোজনৰ যি প্ৰক্ৰিয়া আছিল সেই প্ৰক্ৰিয়া বন্ধ হ’ল ৷ কিন্তু ৰান্ধনীশাল হে বন্ধ হ’ল, বন্ধ হোৱা নাই ছাত্ৰ ছাত্ৰীৰ খাদ্য । বিশ্বনাথৰ 330খন প্ৰাথমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয়ত খাদ্য যোগানত ব্যস্ত এটা বেচৰকাৰী সংস্থা । সেই অনুসৰি শুক্ৰবাৰে দেখা গ'ল বিহালীত গাড়ীয়ে গাড়ীয়ে প্ৰায় 330 খনৰো অধিক বিদ্যালয়ৰ খাদ্য একে স্থানতে ৰান্ধন-বিতৰণ কৰিলে ৷ কিন্তু বহু বিদ্যালয়ত এই খাদ্য সময়ত গৈ নোপোৱাৰো অভিযোগ উত্থাপিত হৈছে ৷ এই সন্দৰ্ভত ই টিভি ভাৰতৰ এক প্ৰতিবেদন ৷