thumbnail

By

Published : Jun 20, 2021, 5:06 PM IST

ETV Bharat / Videos

দীঘেলীৰে কি সম্পৰ্ক বিষ্ণুপ্ৰসাদ ৰাভাৰ ?

সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱস 20 জুনত প্ৰাসংগিক হৈ পৰে বাক্সা জিলাৰ অন্তৰ্গত দীঘেলী গাঁও ৷ ইতিহাসে ৰিঙিয়াই মাতে বাক্সা জিলাৰ এই সৰু গাঁওখনক ৷ কাৰণ এই গাঁওখন আছিল বৈপ্লৱিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ সংগ্ৰামী জীৱনৰ কৰ্মস্থলী ৷ য'ৰ পৰা ৰাভাই আৰম্ভ কৰিছিল জমিদাৰ তথা জমিদাৰী প্ৰথাৰ বিৰুদ্ধে ব্যাপক সংগ্ৰাম ৷ য'ত ভাৰতৰ ত্ৰিৰংগা পতাকাৰ সলনি উৰিছিল ক'লা পতাকা ৷ য'ত কৃষক ৰাইজৰ চিঞৰ আছিল "ইয়ে আজাদী জুঠা হ্যেই" ৷ এই দীঘেলীৰে সন্তান অগিন ডাক্তৰ ওৰফে অগিন ৰামচিয়াৰী ৷ বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিটো কৰ্মতে ছাঁটোৰ দৰে থাকি সহযোগ কৰিছিল অগিন ৰামচিয়াৰীয়ে ৷ কলাগুৰুৰ মৃত্যু দিৱসত বহু পুৰণি স্মৃতি সোঁৱৰিলে এই গৰাকী অগিন ৰামচিয়াৰীয়ে ৷ উল্লেখ্য যে, সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাক অগিন ৰামচিয়াৰীয়ে সততে দি আহিছিল ৰক্ষণাবেক্ষণ ৷ ৰাভাৰ থকা, খোৱা সকলো তদাৰক কৰিছিল অগিন ৰামচিয়াৰীয়ে ৷ যাৰ বাবে সেনা আৰু আৰক্ষীৰ দ্বাৰা বাৰে বাৰে নিৰ্যাতিত হৈছিল অগিন ডাক্তৰ ওৰফে অগিন ৰামচিয়াৰী ৷ ৰাভা দিৱসৰ দিনটোত বৈপ্লৱিক শিল্পী গৰাকীৰ বিষয়ে বহু কথাই কলে 98 বছৰীয়া অগিন ৰামচিয়াৰীয়ে ৷ বয়সৰ হেঁচাত কিছু স্মৃতিশক্তি লোপ পালেও অগিন ৰামচিয়াৰীয়ে কৈ গৈছিল বহু কথা ৷ পুৰণি দিনৱোৰ সোঁৱৰি এটাৰ পাছত এটাকৈ কৈ গ'ল ৰাভাৰ সংগ্ৰামী জীৱনৰ বহু অলিখিত কাহিনী ৷ ৰাভাক সোঁৱৰি কিছু নষ্টালজিক হৈ পৰিছিল অগিন ৰামচিয়াৰী ৷ কিন্তু অতি লক্ষণীয় ভাৱে সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ এইগৰাকী সহযোদ্ধা আজিও বঞ্চিত চৰকাৰী স্বীকৃতি লাভৰ পৰা ৷ বৃদ্ধ পেঞ্চনটোৰ বাহিৰে তেঁও আজিলৈকে নাপালে কোনোধৰণৰ চৰকাৰী সাহায্য ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.