মমতা, সৌন্দৰ্য, সাহস আৰু ত্যাগৰ এক নিদৰ্শন দীপালী - Dipali Basumatary
🎬 Watch Now: Feature Video
নাৰীৰ অভিধা অতি বিশাল, যাক কেৱল সীমাহীন আকাশৰ লগতহে তুলনা কৰিব পাৰি ৷ কাৰণ নাৰী শব্দৰ মাজত অন্তৰ্নিহিত হৈ আছে মমতা, সৌন্দৰ্য, সাহস আৰু ত্যাগ । আৰু এই প্ৰতিটো শব্দৰ জীৱন্ত প্ৰমাণ দীপালী...কিন্তু কোন এই দীপালী ? কান্ধত কোৰ, কঠিয়াৰ ভাৰ লৈ পুৰুষ প্ৰধান সমাজখনত কৃষিকৰ্মৰাজীৰে মূৰ তুলি থিয় দিয়া এগৰাকী মহিলা..বিগত সাত বছৰে অকলে ত্ৰিশ বিঘা মাটিত ধানখেতি কৰি আহিছে বিহপুৰীয়াৰ দীপালী বসুমতাৰী নামৰ মহিলাগৰাকীয়ে ৷ কঠিয়া ৰোৱাৰ পৰা আৰম্ভ কৰি মৰণা মৰালৈ প্ৰতিটো কাম নিজে কৰি আহিছে দীপালীয়ে ৷ দীপালীৰ সকলো কষ্টৰ আঁৰৰ কাৰণ হৈছে তেওঁৰ কনিষ্ঠ কন্যা জিনু..
অষ্টম শ্ৰেণীত অধ্যয়নত পিতৃহাৰা জিনুক পঢ়াই-শুনাই ডাঙৰ মানুহ কৰিব দীপালীয়ে ৷ 12 বছৰ পূৰ্বে স্বামীহাৰা দিপালীৰ ইতিবৃত্ত অতি মৰ্মান্তিক ৷ স্বামীৰ মৃত্যুৰ পাছত লোকৰ ঘৰত কাম কৰি তিনি সন্তানক পোহপাল দিছিল দীপালীয়ে ৷ বহু কষ্টৰ মাজতো জেষ্ঠ কন্যাক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি আনৰ ঘৰলৈ উলিয়াই দিয়াৰ লগতে পুত্ৰকো খুটি খাব পৰা কৰাৰ পাছত বিয়া পাতি দি মাতৃৰ দায়িত্ব পালন কৰে দীপালীয়ে ৷
কিন্তু মাতৃৰ ত্যাগক পাহৰি আজি নিজৰ জীৱনত ব্যস্ত দুখুনী দীপালীৰ দুই সন্তান.....