কংগ্ৰেছত নহয় বিজেপিতহে আৰম্ভ হৈছে মুখ্যমন্ত্ৰীকেন্দ্ৰিক সংঘাত: ভূপেন বৰা - বিহপুৰীয়া সমষ্টি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10962096-201-10962096-1615447044757.jpg)
বৃহস্পতিবাৰে মুকলি কৰা হয় বিহপুৰীয়া সমষ্টিৰ কংগ্ৰেছ মিত্ৰজোঁটৰ কাৰ্যালয় ৷ কাৰ্যালয় মুকলি কৰি সংবাদমেলত ভূপেন বৰাই মন্তব্য কৰি কয় যে, তেওঁ বিধায়ক হৈ থকাৰ সময়চোৱাত বিহপুৰীয়া সমষ্টিলৈ শ্ৰেষ্ঠ বিধায়কৰ সন্মান আহিছিল ৷ কিন্তু বিগত 5 বছৰীয়া বিজেপি চৰকাৰৰ দিনত অকৰ্মণ্য বিধায়কৰ তালিকাত বিহপুৰীয়া সমষ্টিৰ নাম সন্নিৱিষ্ট হৈছে ৷ তদুপৰি কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ হ'লে মুখ্যমন্ত্ৰী পদবীক লৈ কোনো সংঘাত সৃষ্টি নহয় বুলি মন্তব্য কৰি বিজেপিত ইতিমধ্যে মুখ্যমন্ত্ৰীৰ পদক লৈ সংঘাত সৃষ্টি হোৱা বুলি মন্তব্য কৰে বিহপুৰীয়া সমষ্টিৰ কংগ্ৰেছ মহাজোঁটবন্ধনৰ প্ৰাৰ্থী ভূপেন বৰাই ৷