বাঁহেৰে উজ্লি উঠিছে অসমীয়াৰ স্বাভিমান - আসমীয়াৰ স্বাভিমান বৈছে বাঁহেৰে
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11379435-thumbnail-3x2-img.jpg)
ৰাজ্যৰ সকলোতে চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি । কি গাঁও কি চহৰ সকলোতে এতিয়া ৰঙালীৰ পাৰভঙা উচাহ ৷ এই উচাহৰ মাজতে তথা ৰঙালীৰ প্ৰাকক্ষণত ধিঙৰ এজন যুৱকে বাঁহেৰে তৈয়াৰ কৰিছে অসমীয়াৰ স্বাভিমান হেঁপাহৰ গামোচা ৷ ভৰতজ্যোতি দেৱনাথ নামৰ যুৱকজনৰ এই কাৰ্যই এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ ধিঙৰ বেতকাটিৰ এই যুৱকজনে বাঁহেৰে অকল গামোচাই নহয় তৈয়াৰ কৰিছে বাঁহৰ সত্ৰীয়া পোচাক । তাৰোপৰি বাঁহৰ গামখাৰু, কাণফুলি, জোনবিৰি, ঢোলবিৰি, গগণা, শৰাই আদি তৈয়াৰ কৰি ব্যৱসায়িক ভিত্তিত বাঁহৰ সামগ্ৰী প্ৰস্তুত কৰি স্বাৱলম্বী হৈছে যুৱকজন ৷