thumbnail

By

Published : Jul 25, 2020, 4:42 AM IST

ETV Bharat / Videos

বঙাইগাঁও জিলাৰ ৰাঙাপানীৰ পথৰ দুৰৱস্থা

বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ এখন অতি গুৰুত্বপূৰ্ণ নাৰাৰভিটা ৰাঙাপানী বৰভিটা সংযোগী পথৰ দুৰৱস্থা । বানৰ কৱলত পৰি পথৰ মাজত পুখুৰী সদৃশ গাত ৷ দিনে নিশাই যমৰ যাতনা ভুগিবলগা হৈছে অঞ্চলটোৰ হাজাৰ হাজাৰ লোক । যাতায়ত কৰিবলৈ এতিয়া কলগছৰ ভেল হৈ পৰিছে একমাত্ৰ ভৰসা । ৰাঙাপানী বজাৰ আৰু মেৰেৰচৰ আৰক্ষী থানালৈ যোৱা একমাত্ৰ পথটোৱে প্ৰায় এমাহ ধৰি জীয়াতু ভোগাইছে অঞ্চলবাসীক । কিন্তু কানষাৰ নাই স্থানীয় বিধায়ক আব্দুল হাই নাগৰিৰ । আনকি কুম্ভকৰ্ণ নিদ্ৰাত পঞ্চায়ত প্ৰতিনিধি । এই ক্ষেত্ৰত জিলা প্ৰশাসন তথা ৰাজ্য চৰকাৰৰ দৃষ্টি গোচৰ কামনা স্থানীয় ৰাইজৰ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.