ETV Bharat / state

দিনজান ঘাটত নাও দুৰ্ঘটনা; উদ্ধাৰকাৰী মনোজ পানীত ডুবিল কেনেকৈ ? - TINSUKIA BOAT ACCIDENT

ডুব যোৱা যাত্ৰীক বচাবলৈ নদীত জাপ দিছিল এজন লোকে । পিছে উদ্ধাৰ কৰা লোকেই ডুবালে উদ্ধাৰকাৰীক !

Boat incident in Tinsukia
দিনজান ঘাটত নাও দুৰ্ঘটনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 17, 2024, 9:29 PM IST

তিনিচুকীয়া: ডিব্ৰু নৈৰ বুকুত সংঘটিত হৈছে এক অঘটন । আনৰ জীৱন বচাবলৈ গৈ নিৰুদ্দেশ হয় এজন স্থানীয় লোক । ঘটনাৰ বিৱৰণী অনুসৰি দিনজান ঘাটৰ পৰা দধীয়ালৈ বুলি কেইবাগৰাকী যাত্ৰী লৈ যোৱা নাও এখন নদীৰ মাজত কাঠত লাগি হঠাৎ ডুবি যায় । ফলত নাওখনত থকা একাংশ লোকে নিজে সাতুঁৰি জীৱন ৰক্ষা কৰাৰ লগতে স্থানীয় নাও লৈ যোৱা এজন প্ৰত্যক্ষদৰ্শীয়ে ডুব যোৱা লোকসকলক বচাবলৈ নদীত জাপ দিয়ে ।

লোকজনে নদীত জাপ দি তিনিজন যাত্ৰীক সুকলমে উদ্ধাৰ কৰে ৷ কিন্তু আনৰ প্ৰাণ বচাবলৈ নদীত জাপ দিয়া মনোজ প্ৰায়া হঠাৎ অন্তৰ্ধান হৈ পৰে । পানীৰ মাজত নিৰুদ্দেশ হোৱা মনোজ বেৰিয়াক উদ্ধাৰৰ বাবে পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফে অভিযান চলাই যদিও বাতৰি প্ৰেৰণ কৰাৰ সময়লৈকে উদ্ধাৰ কৰিব পৰা নাই মনোজ বেৰিয়াক ।

দিনজান ঘাটত নাও দুৰ্ঘটনা (ETV Bharat Assam)

সাঁতুৰি নিজৰ প্ৰাণৰক্ষা কৰা এটি কিশোৰ আৰু সন্ধানহীন মনোজ প্ৰায়াৰ পত্নীৰ অভিযোগ অনুসৰি, তিনিজন যাত্রীক সুকলমে উদ্ধাৰ কৰা লোকজনক নাৱত উঠিব নিদিলে । নিজৰ জীৱনলৈ চিন্তা নকৰি নদীত জাপ দি তিনিগৰাকী লোকৰ প্ৰাণ বচাইছিল মনোজে । উক্ত তিনিগৰাকী লোকক উদ্ধাৰ কৰি নাৱত উঠোৱাৰ পাছত নিজে নাওত উঠিবলৈ চেষ্টা কৰাৰ সময়তে নাৱত থকা বঠাৰে মাৰি পানীত মনোজক পানীত পেলাই দিয়া বুলি অভিযোগ উঠিছে । ইয়াৰ পিচতেই তিনিওগৰাকী লোকে নাওখন লৈ পলায়ন কৰে । ইফালে, কেইবাগৰাকীও যাত্ৰীয়ে নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হোৱাৰ পাছত স্থানীয় চিকিৎসালয়ত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে আৰক্ষীয়ে ।

লগতে পঢ়ক:ধুবুৰীত নাৱৰ মুখামুখি সংঘৰ্ষ; ৫ টাকৈ শিশু নিৰুদ্দেশ

নিমাতীঘাটৰ অভিশপ্ত ফেৰী দুৰ্ঘটনা: আজিও কৰুণ স্মৃতিয়ে কন্দুৱাই প্ৰত্যক্ষদৰ্শীক - Nimati Ghat boat tragedy

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.