যোৰহাট-ৰাজঘাট অভিমুখী চাইকেল ৰেলীৰ ফ্লেগ অফ কৰিলে লাভলীনাই - Olympic medalist Lovlina Borgohain

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 1, 2021, 9:19 AM IST

Updated : Sep 5, 2021, 7:26 AM IST

যোৰহাটস্থিত চিআৰপিএফ(CRPF)ৰ ১১৯ নং কেম্পত মঙলবাৰে আজাদী কা অমৃত মহোৎসৱ(AZADI KA AMRIT MAHOTSAV) অনুষ্ঠিত হয় ৷ কৃষি মন্ত্ৰী অতুল বৰাই বন্তি প্ৰজ্জ্বলনেৰে এই অনুষ্ঠানৰ উদ্বোধন কৰে ৷ অনুষ্ঠানত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ-শ্বহীদৰ পৰিয়ালক সম্বৰ্ধনা জনোৱা হয় ৷ এই মহোৎসৱৰ লগত সংগতি ৰাখি যোৰহাটৰ পৰা নতুন দিল্লীৰ ৰাজঘাটলৈ এক চাইকেল ৰেলী বাহিৰ কৰা হয় ৷ চাইকেল ৰেলীৰ ফ্লেগ অফ কৰে অলিম্পিকৰ পদক প্ৰাপ্ত লাভলীনা বৰগোঁহাই, অতুল বৰা আৰু বিধায়ক তপন গগৈয়ে ৷ এই অনুষ্ঠানতে লাভলীনাকো সম্বৰ্ধনা জনোৱা হয় ৷
Last Updated : Sep 5, 2021, 7:26 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.