আজিৰে পৰা ৰাজ্যৰ বিদ্যালয়সমূহত আৰম্ভ হৈছে সকলো শ্ৰেণীৰ পাঠদান - মহামাৰীৰ সংক্ৰমণৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 19, 2021, 5:06 PM IST

ক'ভিড-১৯ মহামাৰীৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পিছত ৰাজ্যৰ বিদ্যালয়সমূহত পৰ্যায়ক্ৰমে সকলো শ্ৰেণীৰ পাঠদান আৰম্ভ হৈছে । প্ৰায় ২০ মাহৰ অন্তত মঙলবাৰৰ পৰা বিদ্যালয়সমূহত প্ৰাথমিক পৰ্যায়ৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণীৰ পাঠদান চলিছে । স্বাস্থ্য বিধি মানি পাঠ গ্ৰহণ কৰিবলৈ বিদ্যালয়লৈ আহিছে ছাত্ৰ-ছাত্ৰীসকল । যাৱতীয় সকলো ব্যৱস্থা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ বিদ্যালয়সমূহতো চৰকাৰে বান্ধি দিয়া ক'ভিড নীতি-নিয়ম মানি বিদ্যালয় কৰ্তৃপক্ষই আগবঢ়াইছে পাঠদান । কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়া মতে, পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পূৰ্বে শ্ৰেণীকোঠা ছেনিটাইজ কৰা হৈছে । শ্ৰেণীকোঠাত আসনৰ ব্যৱস্থাও SOPত উল্লেখ থকা ধৰণে কৰা হৈছে । নিৰ্দিষ্ট ব্যৱধান ৰাখি ছাত্ৰ-ছাত্ৰীক বহিবলৈ দিয়া হৈছে । আনহাতে, চেনীকুঠী নিম্ন বুনিয়াদী বিদ্যালয়তো ক'ভিড প্ৰট'কল মানি পাঠদান কৰা হৈছে । উল্লেখ্য যে, মহামাৰীৰ সংক্ৰমণৰ সময়ত অনলাইনযোগে পাঠদান কৰাই একমাত্ৰ উপায় আছিল যদিও এই পদ্ধতিৰে পাঠ গ্ৰহণ কৰিব নোৱাৰি একাংশ ছাত্ৰ-ছাত্ৰীয়ে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.