ৰাজ্য চৰকাৰ দ্বাৰা অৱহেলিত অসম আন্দোলনৰ নিৰ্যাতিত ভবেন চন্দ্ৰ কলিতা - বিজেপি চৰকাৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 2, 2020, 4:08 PM IST

চিকিৎসাৰ অভাৱত তিলতিলকৈ মৃত্যুৰ মুখলৈ আগবাঢ়ি যোৱা স্বামীৰ চিকিৎসাৰ বাবে আমৰণ অনশন এগৰাকী পত্নীৰ । আজি চৈধ্য বছৰ ধৰি বিচনাখনকেই সংগী কৰি জীয়াই আছে অসম আন্দোলনৰ নিৰ্যাতিত ভবেন চন্দ্ৰ কলিতা । খাদ্য নলীৰ ৰোগত আক্ৰান্ত হৈ কলিতাৰ চিকিৎসাৰ বাবে ইতিমধ্যে পৰিয়ালটোৱে বিক্ৰী কৰিছে মাটি-সম্পত্তি । উৱলি যোৱা ঘৰৰ চাৰি বেৰৰ ভিতৰতে আবদ্ধ ভবেন চন্দ্ৰ কলিতাই যোৱা সাত মাহৰ পৰা খাব পৰা নাই খাদ্য । চেলাইন লৈ কোনোমতে জীয়াই থকা কলিতাক ইতিমধ্যে জিএমচিএইচৰ পৰা ভেল'ৰলৈ উন্নত চিকিৎসাৰ বাবে ৰেফাৰ কৰিছে যদিও ধনৰ অভাৱত সেয়া সম্ভৱ হৈ উঠা নাই । সকলো ধৰণৰ চৰকাৰী সাহাৰ্য পৰা বঞ্চিত হৈ বৰ্তমান বিচনাত পৰি থকা কলিতাৰ সু-চিকিৎসা আৰু ন্যায্য প্ৰাপ্তিৰ দাবীত দুয়োগৰাকী স্বামী-স্ত্ৰীয়ে ঘৰতেই বহিছে অনশনত । উল্লেখ্য যে, বিজেপি চৰকাৰৰ প্ৰথম এশদিনৰ কাৰ্যসূচী আছিল অসম আন্দোলনত নিৰ্যাতনৰ বলি হোৱা সকলৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে সাহাৰ্য প্ৰদান কৰা । কিন্তু বালিসত্ৰৰ ভবেন চন্দ্ৰ কলিতা এতিয়া অৰ্থৰ অভাৱত বিনা চিকিৎসাই ঘৰতেই পৰি আছে । পতি-পত্নী দুয়োৰেই চৰকাৰলৈ হাতযোৰ কৰি প্ৰাৰ্থনা পৰিয়ালটোক সংস্থাপনৰ ব্যৱস্থা কৰি দিয়াৰ লগতে উচিত চিকিৎসাৰ বাবে কিছু সহায় কৰা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.