অৱশেষত অন্ত পৰিল বিধানসভাত "উগ্ৰপন্থী" শব্দক লৈ চলা বিৰ্তক

🎬 Watch Now: Feature Video

thumbnail
‘উগ্ৰপন্থী’ শব্দ ব্যৱহাৰক লৈ বৃহস্পতিবাৰে উত্তাল হৈ পৰে অসম বিধানসভা (Assam Assembly)ৰ সদন । বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী (Biswajit Daimary)য়ে বিধানসভাত কৰা এক মন্তব্যত জাঙুৰ খাই উঠে বিৰোধী বিধায়কসকল । পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰে যে, অধ্যক্ষই আধা ঘণ্টাৰ বাবে সদন স্থগিত ৰাখিবলৈ বাধ্য হয় । অধ্যক্ষগৰাকীয়ে সদনত কৰা মন্তব্য অনুসৰি, ‘‘মই কেতিয়াবা ভাবো আমাৰ বিধায়কসকলৰ ব্যৱহাৰ উগ্ৰপন্থীতকৈও বেয়া’’ । অধ্যক্ষ দৈমাৰীৰ এই মন্তব্যৰ পাচতে জাঙুৰ খাই উঠে বিৰোধী বিধায়কসকল ৷ ইয়াৰ ফলস্বৰূপে সদনত সৃষ্টি হয় এক চৰম হুলস্থুলীয়া পৰিস্থিতিৰ । কোনেও কাৰো মাত নুশুনা এক পৰিস্থিতিৰ সৃষ্টি হয় সদনত । বিধায়কক উগ্ৰপন্থীৰ সৈতে তুলনা কৰাত ক্ষুব্ধ হৈ পৰে বিৰোধী পক্ষৰ বিধায়কসকল । পৰিস্থিতি বেয়ালৈ গতি কৰাত অধ্যক্ষই আধা ঘন্টাৰ বাবে সদন স্থগিত ৰাখিবলৈ বাধ্য হয় । আনহাতে, বিধানসভাৰ কাৰ্য বিৱৰণীৰ পৰাও তেওঁ কোৱা ‘উগ্ৰপন্থী’ শব্দটো প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰাতে হে যেন বিৰ্তকৰ অৱসান ঘটে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.