নলবাৰীত উদযাপন অশোকাষ্টমী - শ্ৰীশ্ৰীবাসন্তী পূজা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 20, 2021, 10:15 PM IST

নলবাৰীৰ বৃহত্তৰ বৰভাগৰ অন্তৰ্গত বৰকুৰিহাত গাঁৱস্থিত ঐতিহাসিক গংগাপুখুৰীৰ পাৰত যোৱা ১৮ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে ৯৭ সংখ্যক শ্ৰীশ্ৰীবাসন্তী পূজাৰ লগতে মহাবিষ্ণু যজ্ঞ৷ মঙলবাৰে মহাষ্টমী তথা অশোকাষ্টমী উপলক্ষে আত্মীয়ৰ অস্থি বিসৰ্জন দিবলৈ গংগাপুখুৰীৰ পাৰত সমবেত হয় শতাধিক লোক ৷ পুৱাৰে পৰা দেখা যায় ভক্তৰ লানি নিচিগা ভীৰ ৷ দুৰ-দুৰণিৰ পৰা অহা ভক্তসকলৰে পুখুৰীৰ চাৰিওটা পাৰ ভৰি পৰে৷ ক’ভিড-১৯ ৰ বাবে বৰ্তমানৰ পৰিৱেশ অসুস্থ হৈ থকাৰ বাবে এইবেলি ভক্ত যথেষ্ট কম হোবা বুলি পূজা পৰিচালনা সমিতিৰ বিষয়ববীয়াই জনায় ৷ উল্লেখ্য যে, ২০২৪ বৰ্ষত এই পূজাখনে গৰকিব শতবৰ্ষ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.