কৰিমগঞ্জত নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘাল - ৰাতাবাৰী বিধানসভা সমষ্টি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12641185-thumbnail-3x2-krmg.jpg)
অসমৰ মাটি মিজোৰামে দখল কৰা ঘটনাৰ বুজ ল’বলৈ দেওবাৰে কৰিমগঞ্জ জিলাত উপস্থিত হয় নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘাল (ASHOK SINGHAL)। জিলা উপায়ুক্তৰ কাৰ্যালয়ত শীৰ্ষ বিষয়াৰ লগত এই সন্দৰ্ভত বৈঠকত মিলিত হয় মন্ত্ৰী অশোক সিংঘাল । উল্লেখ্য যে, বৰাকৰ কাছাৰ আৰু হাইলাকান্দি জিলাৰ লগতে কৰিমগঞ্জৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ ছোট ভুবিৰবন্দ আৰু পাথাৰকান্দি, মেদলিছেৰা অঞ্চলত অসমৰ বহু মাটি মিজোৰামৰ দুৰ্বৃত্তই দখলত কৰি আছে । মন্ত্ৰীগৰাকীয়ে অসমৰ ভূমি মিজোৰামে দখল কৰাৰ সময়ত বৰাক উপত্যকাৰ লগতে সকলো মন্ত্ৰী বিধায়ক একত্ৰিত হৈ থকাত সন্তোষ ব্যক্ত কৰে ৷ আনহাতে মিজোৰামৰ যাতায়াতৰ পথ বন্ধ হোৱাৰ বাবে ৰাজ্যখনত খাদ্য সংকটে দেখা দিয়া বুলি ওলোৱা বাতৰি অস্বীকাৰ কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে মুকলি থকাৰ কথা উল্লেখ কৰি কোনোৱাই বিচাৰিলে সামগ্ৰী নিব পাৰিব বুলি উল্লেখ কৰে ৷ শনিবাৰে ত্ৰিপুৰাৰ ধামছড়া হৈ খাদ্য সামগ্ৰী মিজোৰামত প্ৰৱেশ কৰিছে বুলি উল্লেখ কৰে মন্ত্ৰী অশোক সিংঘালে ৷