কংগ্ৰেছ এৰি যোৱা জ্যেষ্ঠ নেতাক কি আখ্যা দিলে কমল নাথে ?

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 26, 2021, 5:37 PM IST

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো কেইটামান ক্ষণ বাকী ৷ এই সময়তয়ে শুকুৰবাৰে গুৱাহাটীত ই টিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত 2 মে'ত অসমত কংগ্ৰেছেই চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে ৷ কেৱল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতে নহয়, তিনিওটা পৰ্যায়ৰ নিৰ্বাচনতে কংগ্ৰেছে অসমত সৰ্বাধিক আসন লাভ কৰিব বুলি দাবী মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ৷ লগতে বিজেপিৰ ভেলেকীবাজীৰ ৰাজনীতি বহুত চলিল, আৰু নহব বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷ আনহাতে, অসমৰ বহু জ্যেষ্ঠ কংগ্ৰেছ নেতাই ইতিমধ্যে দল এৰি যোৱা প্ৰসংগত তেওঁ কয় যে, এনে কাম কেৱল সুবিধাবাদী সকলেহে কৰিব পাৰে । যিসকলে ইতিমধ্যে কংগ্ৰেছ এৰি গৈছে তেওঁলোকক সুবিধাবাদী বুলি আখ্যা দিলে কমল নাথে ৷ ইয়াৰ লগতে আৰু বহুকেইটা বিস্ফোৰক মন্তব্য কৰে নেতা গৰাকীয়ে ৷ কি কি কলে মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ? চাওক ইটিভি ভাৰতৰ এই বিশেষ সাক্ষাৎকাৰ......

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.