কৃত্ৰিম বানৰ কৱলত কলগাছিয়া মহকুমা স্বাস্থ্য কেন্দ্ৰৰ কাৰ্যালয় - Covid vaccine
🎬 Watch Now: Feature Video
বৰপেটা জিলাৰ কলগাছিয়া মহকুমা স্বাস্থ্য কেন্দ্ৰত এজাক বৰষুণতেই সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ । এই কৃত্ৰিম বানপানীৰ ফলত কলগাছিয়া মহকুমা স্বাস্থ্য কেন্দ্ৰৰ কাৰ্যালয়ৰ প্ৰতিটো কোঠাৰ ভিতৰতে জমা হৈছে এতিয়া একাঁঠু পৰ্যন্ত পানী ৷ যাৰ ফলত ব্যাহত হৈ পৰিছে চিকিৎসা সেৱা । আনকি বৰ্তমান এই কৃত্ৰিম বানপানীৰ ফলত ক’ভিড ভেকচিন কেন্দ্ৰও সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰাৰ পূৰ্ণ সম্ভাৱনাই প্ৰকট হৈ পৰিছে ৷ চাৰি মাহ পূৰ্বেও স্বাস্থ্য কেন্দ্ৰটোত এনেদৰে কৃত্ৰিম বানপানী হোৱাৰ পাছত বৰপেটা জিলা উপায়ুক্ত আৰু কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই পৰিদৰ্শন কৰি সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল যদিও এতিয়ালৈকে কোনো ধৰণৰ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই ।