এজাক বৰষুণতে বুৰিল যোৰহাট চহৰ - পানী নিষ্কাশন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12534869-thumbnail-3x2-jrt2.jpg)
যোৰহাট চহৰত কৃত্ৰিম বান (Artificial Flood)ৰ সমস্যা সামাধানৰ বাবে কেইবাখনো আঁচনি ৰূপায়নৰ নামত কোটি কোটি টকা খৰচ কৰা হৈছে যদিও চহৰখনত বৰ্তমানলৈ সমাধান নহ’ল কৃত্ৰিম বান (Artificial Flood)ৰ সমস্যা । বুধবাৰে নিশা যোৰহাটত হোৱা প্ৰৱল বৰষুণৰ ফলত বৃহস্পতিবাৰে যোৰহাট নগৰৰ আতিলা গাঁও, কুশল নগৰ, দহাবৰা চুক, তৰাজান, ন-আলিকে ধৰি কেইবাটাও অঞ্চল জলমগ্ন হয় । অনহাতে, বহুলোকৰ ঘৰৰ ভিতৰতো সোমাই পানী । যোৰহাট চহৰৰ ন-আলিত নিৰ্মীয়মান উৰণীয়া সেঁতু (Fly over)ত পানী নিষ্কাশনৰ বাবে বৈজ্ঞানিক পদ্ধতিৰে নলা নিৰ্মাণ নকৰাৰ বাবে এতিয়া জিলাখনত কৃত্ৰিম বানৰ সৃষ্টি হৈছে বুলি একাংশ ৰাইজে অভিযোগ কৰিছে । যোৰহাটৰ কৃত্ৰিম বান (Artificial Flood)সমস্যাৰ স্থায়ী সামাধানৰ বাবে চৰকাৰ তথা প্ৰশাসনে কোনো স্থায়ী ফলপ্ৰসূ আঁচনি ল’ব নোৱাৰাটো এক দুৰ্ভাগ্যজনক কথা বুলি উল্লেখ কৰিছে স্থানীয় ব্যক্তিয়ে ৷