পুনৰ বিজেপিক কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ - BJP minister MLA
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13638932-thumbnail-3x2-news.jpg)
অসমৰ বিজেপি মন্ত্ৰী-বিধায়কসকল এতিয়া মুম্বাইত ব্যস্ত বিশেষ প্ৰশিক্ষণত । ৰাজ্যৰ জনসাধাৰণক সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জলাকলা খুৱাই থকা সময়ত ৰাজ্যৰ বাহিৰত মন্ত্ৰী বিধায়কসকলে ৰাজকীয় অনুষ্ঠানত প্ৰশিক্ষণ লোৱা বিষয়ক লৈ দেওবাৰে ডিব্ৰুগড়ত সৰৱ হৈ পৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা(State Congress president Bhupen Bora) ৷ ভূপেন বৰাই ৰাইজৰ ধনেৰে বিজেপিৰ মন্ত্ৰী-বিধায়কসকলে মুম্বাইত লাহ-বিলাহৰ জীৱন কটাবলৈহে এই প্ৰশিক্ষণৰ কাৰ্যসূচী অনুষ্ঠিত কৰা বুলি কটাক্ষ কৰে । তেওঁ লগতে লগতে কয়, ৰাইজক মূল্যবৃদ্ধিয়ে জুৰুলা কৰা সময়ত এই ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচী বিজেপিয়ে অনুষ্ঠিত কৰাতো লাজৰ কথা ।