অনুপ্ৰৱেশকাৰীৰ ওপৰত উঠি চৰকাৰ কৰিব বিচাৰিছে কংগ্ৰেছে: অনুৰাগ ঠাকুৰ - election2021
🎬 Watch Now: Feature Video

পৰিৱেশেই কয় যে অসমত পুনৰ বিজেপি মিত্রজোঁটৰ চৰকাৰ হ'ব । এই মন্তব্য কেন্দ্ৰীয় ৰাজ্যিক বিত্ত মন্ত্ৰী অনুৰাগ সিং ঠাকুৰৰ । শনিবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সংবাদ কোষৰ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত কেন্দ্ৰীয় মন্ত্রীজনে অসমত পুনৰ বিজেপিৰ চৰকাৰ হ'ব বুলি দাবী কৰে । সংবাদমেলত কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰি অনুপ্ৰৱেশকাৰীৰ ওপৰত উঠি কংগ্ৰেছে চৰকাৰ কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে কেন্দ্ৰীয় মন্ত্রীজনে ৷