দিল্লীত গৈ প্ৰতিবাদ কৰাৰ হুংকাৰ অসমৰ মধ্যাহ্ন ভোজন কৰ্মীৰ - উপায়ুক্ত

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 12, 2021, 8:48 PM IST

শিৱসাগৰত মধ্যাহ্ন ভোজন ৰান্ধনীৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত ৷ প্রতিখন জিলাৰ উপায়ুক্তৰ যোগেদি লক্ষাধিক স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্রেৰণ কৰাৰ কথা অৱগত কৰে প্ৰতিবাদকাৰী সকলে ৷ পাপ্য নাপালে দিল্লীৰ ৰাজপথত গৈ মুণ্ডন কৰাৰ হুংকাৰ প্রতিবাদকাৰীৰ ৷ লকডাউনে সৰ্ব সাধাৰণ ৰাইজক জুৰুলা কৰাৰ সময়তেই শিৱসাগৰত সোমবাৰে একাংশ মধ্যাহ্ন ভোজন ৰান্ধনীয়ে তীব্ৰ প্রতিবাদ সাব্যস্ত কৰে । বিগত পাঁচ মাহ ধৰি নিজ পাৰিশ্রমিকৰ পৰা বঞ্চিত হৈ থকা এই সকল মহিলাই সোমবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দিনৰ 11 বজাৰ পৰা বিভিন্ন শ্ল'গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । মাত্র 1500 টকা বেতনৰ বিনিময়ত কর্ম কৰি থকা এই সকল মহিলাই চৰকাৰক শীঘ্ৰে তেওঁলোকৰ প্ৰাপ্য আদায় দিবলৈ আহ্বান জনায় । অসমৰ প্ৰতিখন জিলাতে উপায়ুক্তৰ জড়িয়তে সর্বমুঠ 1 লাখ বিদ্যালয়ত নিয়োজিত হৈ থকা 1 লাখ 18 হাজাৰ 9 শ 98 খন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হ'ব বুলি স্পষ্ট কৰিছে প্রতিবাদকাৰীয়ে । ইপিনে প্রয়োজন হ'লে দিল্লীৰ ৰাজপথত গৈ মুণ্ডন কৰি জংগী আন্দোলন আৰম্ভ কৰিবলৈ কুণ্ঠাবোধ নকৰে বুলি স্পষ্ট কৰিছে প্রতিবাদকাৰীয়ে।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.