প্ৰতিমাহৰ 10 তাৰিখে পালন কৰা হ’ব অংগনবাদী দিৱস - সমাজ কল্যাণ বিভাগৰ সঞ্চালক বিভাষ মোডী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13473305-596-13473305-1635333897971.jpg)
ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ প্ৰতি মাহৰ ১০ তাৰিখে পালন কৰা হ’ব অংগনবাদী দিৱস ৷ উক্ত দিনটোতে শিশু খাদ্য বিতৰণৰ লগতে সকলো কাম আৰম্ভ কৰা হ’ব ৷ তাৰোপৰি নতুনকৈ ৩০০০ আদৰ্শ অংগনবাদী কেন্দ্ৰ স্থাপন কৰা হ’ব ৷ তদুপৰি এতিয়াৰে পৰা ব্যক্তিগতভাৱে ভাড়াঘৰত নচলিব অংগনবাদী কেন্দ্ৰ ৷ এই ঘোষণা ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ সঞ্চালক বিভাষ মোডীৰ ৷ বুধবাৰে মঙলদৈত পোষণ অভিযানৰ জিলা পৰ্যায়ৰ সভাত অংশগ্ৰহণ কৰি সঞ্চালকগৰাকীয়ে এই কথা ঘোষণা কৰে ৷