শিৱসাগৰৰ আমগুৰি সামূহিক স্বাস্থ্যকেন্দ্ৰক ক’ভিড চিকিৎসালয় ঘোষণা

By

Published : May 16, 2021, 5:25 PM IST

thumbnail
ৰাজ্যত দিনকদিনে বাঢ়িছে ক’ভিড ৰোগীৰ সংখ্যা ৷ ক’ভিড মহামাৰীয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰাত ৰাজ্য চৰকাৰে ক’ভিড চিকিৎসালয়ৰ সংখ্যা বৃদ্ধি কৰিছে । শিৱসাগৰ জিলাত দুই হাজাৰৰো অধিক ক’ভিড আক্ৰান্ত সংখ্যা বৃদ্ধি পোৱাত আমগুৰিত জিলা প্ৰশাসনে ক’ভিড চিকিৎসালয় স্থাপন কৰিছে । ইতিমধ্যে আমগুৰি সামূহিক স্বাস্থ্যকেন্দ্ৰ ক’ভিড চিকিৎসালয় ঘোষণা কৰি ২০ গৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ বাবে সাজু কৰি তুলিছে । ৰোগীৰ কোনো অসুবিধা নহ'বৰ কাৰণে অক্সিজেনৰ ব্যৱস্থা কৰা বুলিও প্ৰকাশ কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.