ধেমাজিত আলি আয়ে লৃগাঙৰ প্ৰস্তুতি

By

Published : Feb 13, 2021, 1:28 PM IST

thumbnail
ধেমাজিত মিচিং জনগোষ্ঠীৰ বসন্তৰ উৎসৱ আলি আয়ে লৃগাঙৰ ব্যাপক প্ৰস্তুতি ৷ মিচিং জনগোষ্ঠীৰ জীয়াৰী-বোৱাৰীৰ মাজত এতিয়া ব্যস্ততাৰ অন্ত নাই ৷ তাঁতশালত বহি আপোনজনৰ বাবে বৈছে মিবু গালুগ, ৰিবি গাছেং ইত্যাদি ৷ প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে উদযাপন কৰা হয় এই উৎসৱটি ৷ মিচিং ভাষাত "আলি" মানে শস্যৰ বীজ, "আঃয়ে" মানে ফল আৰু "লৃগাং" মানে সিঁচিবলৈ আৰম্ভ কৰা ৷ অৰ্থাৎ আলি আয়ে লৃগাঙৰ অৰ্থ হ’ল শস্য সিঁচাৰ প্ৰথম দিন । সেয়ে মিচিং জনগোষ্ঠীৰ এই উৎসৱটিক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.