এছ পি পাৰ্থসাৰথি মহন্তৰ ভয়-ভাবুকিক কেৰেপ নকৰোঃ অখিল গগৈ - কৃষক নেতা অখিল গগৈ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4190122-thumbnail-3x2-i.jpg)
গুৱাহাটী, 20 আগষ্টঃ চুপাৰী ছিণ্ডিকেটৰ লগত নাম সাঙোৰ খোৱাৰ পিছতেই কামৰূপৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্ত আৰু তেওঁৰ পত্নীয়ে এক ব্যক্তিগত সংবাদগোষ্ঠী আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিৰুদ্ধে দাখিল কৰিছে কেইবাটাও গোচৰ। মঙলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই গোচৰক প্ৰত্যাহ্বান জনাই কৃষক নেতা অখিল গগৈয়ে।পাৰ্থসাৰথি মহন্তক অসম আৰক্ষীৰ প্ৰভাৱশালী এছ পি আৰু দুৰ্নীতি পৰায়ণ ব্যক্তি আখ্যা অখিল গগৈৰ। ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি চুপাৰী ছিণ্ডিকেটৰ ক্ষেত্ৰত কোনো বক্তব্য প্ৰদান নকৰিলে গগৈয়ে। কিন্তু পাৰ্থসাৰথি মহন্ত আৰু তেওঁৰ পত্নী ইন্দ্ৰানী বৰুৱাৰ সম্পত্তিৰ পাহাৰ গঢ়াৰ তথ্য ফাদিল কৰি সংবাদমেলত সৰৱ হৈ পৰিল কৃষক নেতাগৰাকী। ইফালে ছুপাৰী ছিণ্ডিকেট সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত কোনো গোচৰ পঞ্জীয়ন নোহোৱা কাৰ্যত ক্ষোভ প্ৰকাশ কৰে অখিল গগৈয়ে। আনহাতে এছ পি মহন্তৰ ভয় ভাবুকিক সংগঠনটোৰ কোনো সদস্যই কেৰেপ নকৰে বুলি মুকলি প্ৰত্যহ্বান জনাই কৃষক নেতা অখিল গগৈয়ে ।