জনীয়া সমষ্টিত জয় এআইইউডিএফৰ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামৰ - জনীয়া সমষ্টিত জয় AIUDF প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11624327-621-11624327-1620029752407.jpg)
জনীয়া বিধানসভা সমষ্টিত তৃতীয় বাৰৰ বাবে ১,৫৫,৯১৭ টা ভোট লাভ কৰি এ আই ইউ ডি এফৰ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামে বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ’বলৈ সক্ষম হয় । ড৹ ৰফিকুল ইছলামৰ প্ৰতিদ্বন্দী বিজেপি প্ৰাৰ্থী স্বহিদুল ইছলামে ১১,৩৫৩ টা ভোট পাবলৈ সক্ষম হয় । প্ৰাপ্ত তথ্য অনুসৰি, ৰাজ্য খনৰ ভিতৰত সৰ্বাধিক ১,৪৪,৫৬৪ টা ভোটৰ ব্যৱধানত জয়ী হ'বলৈ সক্ষম হয় ড৹ হাফিজ ৰফিকুল ইছলাম । এই ক্ষেত্ৰত জনীয়া সমষ্টিবাসীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে বিধায়ক গৰাকীয়ে । কৰ'ণা মহামাৰীৰ বিৰুদ্ধে চৰকাৰ, বিৰোধী, প্ৰশাসন আৰু সৰ্বস্তৰৰ ৰাইজ সকলোৱে একেলগ হৈ যুঁজ দিয়াৰ আহ্বান জনায় নৱ নিৰ্বাচিত বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে ।