২০২২ বৰ্ষত ৰাজ্যত দৈনিক ১০ লাখ লিটাৰকৈ গাখীৰ উৎপাদনৰ লক্ষ্য কৃষি আৰু পশুপালন বিভাগৰ - কৃষিমন্ত্ৰী অতুল বৰা
🎬 Watch Now: Feature Video
২০২২ বৰ্ষত ৰাজ্যত দৈনিক ১০ লাখ লিটাৰকৈ গাখীৰ উৎপাদনৰ লক্ষ্য কৃষি আৰু পশুপালন বিভাগৰ (Agriculture and Animal Husbandry Department will produce 1 million liters of milk per day) । লগতে গাহৰি, হাঁহ, কুকুৰা, ছাগলী আদিৰ উৎপাদনেৰে স্বাৱলম্বী কৰিব ৰাজ্যবাসীক । দেওবাৰে বোকাখাত আৱৰ্ত ভৱনত জনজাতি উন্নয়ন পৰিষদৰ অধীনত হিতাধিকাৰীৰ মাজত পাৱাৰ টিলাৰ, কৃষিজাত সামগ্ৰী আৰু খেলৰ সামগ্ৰী বিতৰণ কৰি এই মন্তব্য কৰে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই । ইফালে ইয়াৰ পূৰ্বে বোকাখাতৰ গড়মূৰৰ জাতীয় বিদ্যাপীঠৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানতো অংশ গ্ৰহণ কৰে কৃষিমন্ত্ৰী গৰাকীয়ে (Minister Atul Bora)।