সোণাৰিৰ নামতোলাত মাটি বেদখল কৰি গ্ৰেপ্তাৰ হ’ল আদিবাসী ছাত্ৰ নেতা

By

Published : Oct 22, 2021, 3:51 PM IST

thumbnail
চৰাইদেউ জিলাৰ সোণাৰিৰ নামতোলাত বিভিন্ন ভাবুকি দি অবৈধভাৱে মাটি দখলৰ অভিযোগ উত্থাপিত হৈছে আদিবাসী ছাত্ৰ সন্থাৰ এগৰাকী নেতাৰ বিৰুদ্ধে । মাটিৰ গৰাকীক গোচৰ উঠাই লোৱাৰ হেঁচা প্ৰয়োগ সংগঠনটোৰ আন একাংশ নেতা-কৰ্মীৰ । সোণাৰিৰ নামতোলা চাহ বাগিচাৰ পাঁচ নং ৱাৰ্ডৰ বাসিন্দা হৰিশ তিৱাৰীৰ ৮৩ নং পট্টাৰ ১৯৩ দাগৰ দুবিঘা এক কঠা ১ লেছা মাটি দখল কৰাৰ অভিযোগ উত্থাপিত হৈছে আদিবাসী ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ উপ-সভাপতি লক্ষ্মণ গোৱালাৰ বিৰুদ্ধে । সোমবাৰে নিশা নামতোলা আৰক্ষীয়ে আদিবাসী লক্ষ্মণ গোৱালাক গ্ৰেপ্তাৰ কৰে । এই সন্দৰ্ভত নামতোলা আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ৪০৬/৪২০/৪৬৮/৪৪৭/৫০৬ নং ধাৰাৰ অধীনত গোৱালাক মঙলবাৰে জেললৈ প্ৰেৰণ কৰে । ইয়াৰ পাচতেই আদিবাসী ছাত্ৰ সন্থাৰ নেতা-কৰ্মীৰ এটা দলে অভিযোগকাৰী হৰিশ তিৱাৰীৰ বাসগৃহত উপস্থিত হৈ গোচৰ প্ৰত্যাহাৰ কৰিবলৈ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে হৰিশ তিৱাৰীয়ে । ছাত্ৰ নেতাজনে এনেদৰে মাটি বেদখল কৰা আৰু সংগঠনটোৰ নেতৃবৰ্গই তিৱাৰীক ভাবুকি দিয়াক লৈ এতিয়া সোণাৰিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.