thumbnail

জাতিৰ অস্তিত্ব ৰক্ষাৰ যুঁজ : আছুৰ নেতৃত্বত ৰাজপথত প্ৰতিবাদত নামিল হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী

By

Published : Nov 18, 2019, 6:29 PM IST

জাতিৰ অস্তিত্ব ৰক্ষাৰ শেষ সংগ্ৰামত জঁপিয়াই পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ নেতাৰ পৰা আৰম্ভ কৰি সকলো কৰ্মকৰ্তা ৷ সংসদৰ শীতকালীন অধিৱেশনত সংশোধিত ৰূপত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ উঠাৰ সময়তেই সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদত কঁপিল ৰাজ্যৰ ৰাজধানী গুৱাহাটী ৷ প্ৰতিবাদস্থলীৰ পৰাই সকলো ৰাইজক জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান আছু নেতৃত্বৰ ৷ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ পৰা আহি সমৱেত হোৱা হাজাৰ-হাজাৰ ছাত্ৰ-ছাত্ৰীৰ বিশাল প্ৰতিবাদী কণ্ঠস্বৰত কঁপি উঠিল শ্বহীদ ন্যাসৰ পৰা ৰাজভৱন পৰ্যন্ত সমগ্ৰ পথছোৱা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.