এইবাৰ টোলগেট বনাম আছু - গোলাঘাট মহকুমা ছাত্র সন্থা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13492068-thumbnail-3x2-jghj.jpg)
নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৰাজ্যত স্থাপন কৰিব ওলাইছে কেইবাখনো নতুন টোলগেট । উজনিৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাটতো স্থাপন হ'ব দুখনকৈ টোলগেট । দেৰগাঁৱৰ ৰঙামাটিৰ পাছত এইবাৰ গোলাঘাটৰ ৰঙাজানত স্থাপন হ'ব টোলগেট । চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে ৰঙাজানৰ স্থাপনৰত টোলগেটৰ সমুখত গোলাঘাট মহকুমা ছাত্র সন্থাৰ মানৱ শৃংখল কাৰ্যসূচী । শতাধিক ছাত্র কৰ্মীৰ প্ৰতিবাদত উত্তাল গোলাঘাটৰ ৰঙাজান ।