পথাৰত বহি হুকহুকাই কান্দিছে এগৰাকী মহিলাই - পথাৰ
🎬 Watch Now: Feature Video

গোলাঘাট জিলাৰ সৰুপথাৰ (Sarupathar)ত খেতিপথাৰ (Paddy Field)ত বহি হুকহুকাই কান্দিলে এগৰাকী মহিলাই ৷ কিয়নো ধনশিৰি মহকুমাৰ অন্তৰ্গত সৰুপথাৰ, বৰপথাৰকে ধৰি সমগ্ৰ মহকুমাত এতিয়া খৰাঙৰ কৱলত । প্ৰকৃতি যেন ৰুষ্ট হৈ পৰিছে এই অঞ্চলত । দীৰ্ঘদিন ধৰি অঞ্চলটোত নাই বৰষুণ । যাৰ ফলস্বৰূপে কৃষক ৰাইজে পথাৰত এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । সাংবাদিকৰ কেমেৰাৰ সন্মুখতে হুকহুকাই কান্দি খেতি কৰিব নোৱাৰিলে পৰিয়াল কেনেকৈ চলাম ? ল’ৰা-ছোৱালীৰ কি হ'ব বুলি দুখ প্ৰকাশ কৰে মহিলাগৰাকীয়ে ৷