পেলনীয়া বটলক নতুন ৰূপ দিলে ৰঙিয়াৰ জ্যোতিস্মিতাই

By

Published : Jul 24, 2021, 8:17 AM IST

thumbnail
ৰঙিয়াৰ এগৰাকীৰ ব্যতিক্ৰমী চিন্তা ৷ ছাত্ৰীগৰাকীয়ে পেলনীয়া বটলত আঁকিছে বিভিন্ন ছবি ৷ কৰ'ণা, লকডাউনে জুৰুলা কৰিছে জনজীৱন । অনিশ্চয়তাৰ মাজলৈ ধাৱমান হৈছে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত । ঘৰতেই থাকি বহুতেই মোবাইলত ফেচবুক বা টুইটাৰ খুলিছে অথবা চিনেমা টি ভি চাই সময় অতিবাহিত কৰিছে । কিন্তু ৰঙিয়াৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী জ্যোতিস্মিতা তালুকদাৰে সময়ৰ সদ ব্যৱহাৰ কৰিছে অন্য ধৰণে । সৰুৰে পৰাই চিত্ৰকলাত ৰাপ থকা ছাত্ৰী গৰাকীয়ে লকডাউনৰ সময়ত বিভিন্ন পেলনীয়া সামগ্ৰীত আকিছে সুন্দৰ ছবি । বিস্কুটৰ বাকছৰ পেলনীয়া ঢাকোনত আঁকিছে গৌতম বুদ্ধৰ ছবি । লগতে পথৰ দাঁতিত পৰি থকা শিলত আঁকিছে পাপন, জুবিন আৰু নেলছেন মেণ্ডেলাৰ ছবি । ইমানেই নহয়, ছাত্ৰী গৰাকীয়ে পুৰণি কাপত আঁকিছে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, ৰঙিয়াৰ বিধায়ক ভবেশ কলিতা, জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবি ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.