তেজপুৰ সমষ্টিৰ ভোটাৰৰ মনৰ কথাৰে জনতাৰ কণ্ঠ... - অসম বিধানসভা নিৰ্বাচন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10907064-thumbnail-3x2-j.jpg)
৭৩ নং তেজপুৰ বিধানসভা সমষ্টিত বিগত পাঁচ বছৰে প্ৰতিনিধিত্ব কৰি আহিছে অগপৰ প্ৰাৰ্থী বৃন্দাবন গোস্বামী ৷ বিগত 2016 বৰ্ষৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হিৰণ্য ভূঞাক পৰাস্ত কৰি মুঠ ৭১,১৭০ টা ভোট লাভ কৰি বিধানসভা লৈ নিৰ্বাচিত হৈছিল । কংগ্ৰেছৰ প্ৰাৰ্থী হিৰণ্য ভূঞাই ৩৬,৫০৭ ভোট লাভ কৰিছিল আৰু এ আই ইউ ডি এফ ৰ প্ৰাৰ্থী চুকেন্দ্ৰ নাথে ২২,২৯৫ ভোট লাভ কৰিছিল । বিগত 5 বছৰত বৃন্দাবন গোস্বামীৰ কাৰ্যকালত ৰাইজ কিমান সন্তুষ্ট আৰু কিমান অসন্তুষ্ট, ৰাইজৰ আশা-আকাংক্ষা এই সকলোবোৰ পুংখানুপুংখভাৱে বিশ্লেষণ কৰাৰ চেষ্টা চলাম এই অনুষ্ঠানৰ দ্বাৰা ৷ এইবাৰ 73 নং তেজপুৰ সমষ্টিবাসীয়ে কি কয় বিধায়ক বৃন্দাবন গোস্বামীৰ পাঁচ বছৰীয়া কাৰ্যকাল সন্দৰ্ভত ? চাওক ইটিভি ভাৰতৰ বিশেষ অনুষ্ঠান জনতাৰ কণ্ঠ...
Last Updated : Mar 8, 2021, 11:10 AM IST