বিসংগতিয়ে লগ এৰা নাই গুৱাহাটী বিশ্ববিদ্যালয়ক - ৰাজনীতি বিজ্ঞানৰ পৰীক্ষা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-5214992-thumbnail-3x2-gu-2.jpg)
পৰীক্ষাৰ্থীৰ জীৱনক লৈ পুনৰ হেতালি খেলিছে গুৱাহাটী বিশ্ববিদ্যালয়ে ৷ স্নাতক তৃতীয় ষাণ্মাসিকৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ পৰীক্ষাত বিসংগতি ৷ প্ৰশ্নকাকতৰ খেলিমেলিৰ বাবে বাতিল হ'ল ৰাজনীতি বিজ্ঞানৰ পৰীক্ষা ৷ পৰীক্ষা প্ৰশ্নকাকতত ‘‘ভাৰতীয় ৰাজনীতি’’ আৰু ‘‘আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক’’ দুটা ভাগত বিভক্ত থাকিব লাগে । কিয়নো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সকলো কলেজতে এই দুটা পাঠ্যক্ৰমৰ এটাহে পঢ়োৱা হৈছিল ৷ বিশ্ব বিদ্যালয়ৰ অধীনষ্ঠ মহাবিদ্যালয়সমূহত কেৱল পঢ়োৱা হৈছিল ভাৰতীয় ৰাজনীতি বিষয়টো ৷ কিন্তু এই বিষয়ৰ কোনো প্ৰশ্ন অন্তৰ্ভুক্ত নহ'ল প্ৰশ্ন কাকতত ৷