অনুৰাগীৰ সৈতে নিজৰ জন্মদিন উদযাপন চনু নিগমৰ - অনুৰাগী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12631392-315-12631392-1627725411988.jpg)
বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগমৰ (Sonu Nigam) জন্মদিন । ১৯৭৩ চনত হাৰিয়ানাৰ ফৰিদাবাদত জন্মগ্ৰহণ কৰা কণ্ঠশিল্পীগৰাকীয়ে ভৰি দিলে ৪৮ বছৰত । কণ্ঠশিল্পীগৰাকীৰ জন্মদিনত তেওঁৰ লাখ লাখ অনুৰাগীয়ে সামাজিক মাধ্যমত শুভেচ্ছা জ্ঞাপন কৰা দেখা গৈছে । ইয়াৰ মাজতে মুম্বাইত তেওঁৰ অনুৰাগীৰ সৈতে জন্মদিন উদযাপনৰ বিশেষ মুহূৰ্তত দেখা গৈছে শিল্পীগৰাকীক । একাংশ অনুৰাগী আৰু বি-টাউনৰ চেলিব্ৰিটিসকলৰ সৈতে জন্মদিন উদযাপন কৰিছে শিল্পীগৰাকীয়ে । নতুন গীতৰ লগতে তেওঁৰ অজস্ৰ পুৰণি গীতো আছে যিবোৰ অনুৰাগীৰ মনত সদায় সজীৱ হৈ আছে । কেইবাখনো হিট ছবিত তেওঁ কণ্ঠদান কৰিছে । কেইটামান হিট গানৰ ভিতৰত আছে বলে ছুৰিয়া (Bole Chudiyan), আখিয়ো ছে গোলী মাৰে (Akhiyon Se Goli Maare), হাছ মাত পাগলি(Hans Mat Pagli), দ' পল (Do Pal) আৰু মেৰে হাথ মে (Mere Haath Mein) আদি ।